Local, Vocal, Global

Assam HS Result 2023 LIVE: আজি নোলাল উচ্চতৰ মাধ্যমিকৰ ফলাফল, পিছে কেতিয়া হ’ব ফলাফল ঘোষণা ?

নিউজ ডেস্ক, ২৭ মে’ : বহুকেইটা আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে অসমৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২৭ মে’ অৰ্থাৎ আজি দিনৰ ৯ বজাত ঘোষণা কৰিব বুলি বাতৰি প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল । তাৰ বিপৰীতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি অর্থাৎ ২৭ মে’ত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা নকৰিলে (declare AHSEC results today) । তাৰোপৰি একাংশ সংবাদ মাধ্যমে উল্লেখ কৰা অনুসৰি, পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ৰ ৱেবচাইটৰ জৰিয়তে শিক্ষাৰ্থী সকলে লাভ কৰিব ফলাফল ।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এগৰাকী বিষয়াই জানিব দিয়া অনুসৰি আজি দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা নহয় বুলি নিশ্চিত কৰাৰ লগতে অহা ৩১ মে’ৰ আগত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয় বুলিও উল্লেখ কৰে ।

ইফালে এই পৰ্যন্ত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু অথবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখৰ কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই । পূৰ্বেও বহুবাৰ ফলাফল ঘোষণাৰ ভুৱা বাতৰি প্ৰকাশ হোৱাৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটযোগে এনেধৰণৰ ভুৱা বাতৰিৰ চিকাৰ নহবলৈ সকলোকে সতৰ্ক কৰি দিছিল ।

কিন্তু তাৰ পাছতো একাংশ সংবাদ মাধ্যমে কোনোধৰণৰ সত্যতা নিৰূপন নকৰাকৈয়ে বাতৰি পৰিবেশন কৰি শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে ।

উল্লেখ্য যে, চলিত বৰ্ষত ২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল । পৰীক্ষাৰ এদিন পূৰ্বে ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অপপ্ৰচাৰ চলিছিল যদিও ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে প্ৰশ্নকাকত ফাদিল হোৱাৰ কথা অস্বীকাৰ কৰি ইয়াক ভিত্তিহীন বুলি অভিহিত কৰিছিল ।

অৱশ্যে ফলাফল ঘোষণাৰ পিছত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল নিম্নোক্ত ৱেবচাইট কেইটাৰ জৰিয়তে লাভ কৰিব বুলি জানিব পৰা গৈছে –

ahsec.assam.gov.in

resultsassam.nic.in

লগতে পঢ়ক : Rainfall in Delhi: দিল্লীত হঠাৎ বতৰৰ পৰিৱৰ্তন, ধুমুহাৰ সৈতে পুৱাই আহিল বৰষুণ