Local, Vocal, Global

Road accident in Darrang : নিযুক্তি-পত্র পোৱাৰ এদিন পিচতেই এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা

দৰং, ২৭ মে’ : এক শোকাৱহ পথ দুৰ্ঘটনা(Road accident)। নিমিষতে ধূলিসাৎ হ’ল এটা পৰিয়ালৰ সকলো সপোনা । তৃতীয় বৰ্গৰ নিযুক্তি-পত্র লাভ কৰাৰ মাত্ৰ এদিন পিচতেই এখন ঘৰখনলৈ নামি আহিল ঘোৰ অমানিশা ৷ ২৫ মে’ ত অসম চৰকাৰে বিভিন্ন বিভাগত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিছিল নিযুক্তি পত্ৰ(Assam govt mega recruitment ceremony) । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাত অসম চৰকাৰৰ বৃহৎ নিযুক্তি-পত্র বিতৰণ অনুষ্ঠানত নিযুক্তি পত্ৰ গ্ৰহণ কৰিছিল দৰং বৰদৌলগুৰি ককাইতোলাৰ উজ্বল নাথে(২৬)।

নিযুক্তি-পত্র লাভ কৰাৰ মাত্ৰ এদিন পিচতেই এক শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় উজ্বল নাথৰ।
শুকুৰবাৰে সন্ধিয়া মঙলদৈৰ পৰা বন্ধুৰ সৈতে ঘৰ অভিমুখে গৈ থকাৰ সময়তে দৰঙৰ ছিপাঝাৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটো(Road accident in Darrang)।

এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় উজ্বলৰ নাথৰ বাইক। আৰু বাইক ট্ৰাকৰ সংঘৰ্ষ থিতাতে নিহত হয় উজ্বল নাথৰ(Biker killed in road accident)। ইফালে বাইকত উজ্বলৰ লগত থকা যুৱকজনৰ এই শোকাৱহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় । আহত লোকজনক স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

নিয়নিৰ নিষ্ঠুৰ পৰিহাস। মূহূৰ্ততে ভাঙি থানবান হ’ল এটি পৰিয়ালৰ সপোন ৷ অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ ২৫ মে’ত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি-পত্ৰ লাভ কৰিছিল উজ্বল নাথে । কিন্তু নিযুক্তি পত্ৰ লাভৰ মাত্ৰ এদিন পাচতেই অকাল মৃত্যুক আঁকোৱালি লয় উজ্বলে ৷ উজ্বলে নিজ বাসগৃহৰ সমীপৰ বৰদৌলগুৰি চ’কত বিপৰীত মুখী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

ইফালে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷