Local, Vocal, Global

Indecent dress of devotees: মন্দিৰলৈ যাওতে ভক্তই পৰিধান কৰা অমাৰ্জিত সাজ-পোছাকক লৈ নিষেধাজ্ঞা

নেশ্য়নেল ডেস্ক, ২৭ মে,: মহাৰাষ্ট্ৰ মন্দিৰ ফেডাৰেচনে(Maharashtra Temple Federation) মন্দিৰৰ পবিত্ৰতা ৰক্ষা আৰু ভাৰতীয় সংস্কৃতি অনুসৰণ কৰাৰ লক্ষ্যৰে মন্দিৰলৈ যাওতে একাংশ ভক্তই পৰিধান কৰা হাফ পেণ্টৰ দৰে কিছুমান সাজ-পোছাকক অমাৰ্জিত বুলি উল্লেখ কৰি মন্দিৰ চৌহদত তেনে পোছাকক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মন্দিৰ ফেডাৰেচনৰ সমন্বয়ক সুনীল ঘনৱাটে কয়, ‘মন্দিৰলৈ আহোতে ভক্তসকলে বিভিন্ন অমাৰ্জিত সাজ-পোছাক (Indecent dress of devotees), যেনে হাফ পেণ্ট আদি পৰিধান কৰি অহাটো আমি নিষিদ্ধ কৰিছো । আমি মাথোঁ বিচাৰো হাফপেণ্টৰ দৰে অমাৰ্জিত সাজ-পোছাক পৰিধান কৰি আহিলে তেওলোকে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব।”

প্ৰথমে নাগপুৰৰ চাৰিটা মন্দিৰৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত সমগ্ৰ মহাৰাষ্ট্ৰৰ সকলো মন্দিৰতে কাৰ্যকৰী কৰা হ’ব বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে, মহাৰাষ্ট্ৰৰ সকলো মন্দিৰতে সাজ-পোছাক পৰিধান কৰাৰ নিয়ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যজুৰি এক বৃহৎ অভিযান আৰম্ভ কৰা হ’ব আৰু মন্দিৰত প্ৰৱেশৰ সময়ত উপযুক্ত সাজ-পোছাক পৰিধান কৰাৰ বিষয়ক লৈ ভক্তসকলৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব (Implement of dress code in temples in Maharashtra) ।

তাৰোপৰি ভক্তসকলক মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ লগতে ভাৰতীয় সংস্কৃতিক অনুসৰণ কৰিবলৈ আহ্বান জনাই প্ৰতিটো মন্দিৰৰ প্ৰৱেশদ্বাৰত একোখনকৈ ফলক স্থাপন কৰা হ’ব ।

ঘনৱাটে কয় যে ইতিমধ্যে নাগপুৰ জিলাৰ শ্ৰী গোপালকৃষ্ণ মন্দিৰ গোৰক্ষণা সভা (ধন্তোলি), শ্ৰী শংকটমোচন পঞ্চমুখী হনুমান মন্দিৰ (বেলোৰী), শ্ৰী বৃহস্পতি মন্দিৰ (কানহৰ্লিবাৰা) আৰু শ্ৰী দুৰ্গা মাতা মন্দিৰ (হিল টপ)ৰ মন্দিৰত সাজ-পোছাক পৰিধানৰ নিয়ম কাৰ্যকৰী কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছে ।

শেহতীয়াকৈ ওছমানাবাদ জিলাৰ তুলজা ভৱানী মন্দিৰ পৰিচালনা সমিতিয়ে হাফ পেণ্ট অথবা যিকোনো অমাৰ্জিত কাপোৰ পিন্ধি মন্দিৰত ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল যদিও কিছুমান মহলে ইয়াৰ বিৰোধীতা কৰাত সিদ্ধান্তটো সলনি কৰিবলৈ বাধ্য কৰিছিল ।

মন্দিৰ ফেডাৰেচনৰ সমন্বয়ক সুনীল ঘনৱাটে লগতে কয় যে, দেশৰ কিছুমান বিখ্যাত মন্দিৰত বছৰ বছৰ ধৰি সাধাৰণ সাজ-পোছাক পৰিধানৰ পৰম্পৰা বলবৎ হৈ আহিছে (Simple dress code) । ইয়াৰ ভিতৰত ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম উজ্জয়িনীৰ শ্ৰী মহাকলেশ্বৰ মন্দিৰ(Mahakaleshwar Temple of Ujjain), মহাৰাষ্ট্ৰৰ ঘৃষ্ণেশ্বৰ মন্দিৰ (Ghrishneshwar Temple in Maharashtra), বাৰাণসীৰ কাশী-বিশ্বেশ্বৰ মন্দিৰ(Kashi-Vishweshwar temple in Varanasi), অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰ (Tirupati Balaji Temple), কেৰেলাৰ পদ্মনাভাস্বামী মন্দিৰ (Padmanabhaswamy Temple in Kerala), কন্যাকুমাৰীৰ মাতা মন্দিৰ অন্যতম (Mata Temple in Kanyakumari) ।

ঘৰত অথবা ৰাজহুৱা স্থানত কি পিন্ধিব লাগে তাক লৈ প্ৰত্যেকৰে ব্যক্তিগত স্বাধীনতা আছে (Everyone has personal freedom) । কিন্তু মন্দিৰ এক ধৰ্মীয় স্থলী আৰু ইয়াত আচৰণ বিধি থাকিব লাগে” তেওঁ কয় ।

লগতে পঢ়ক: 75 Rupee commemorative coin: নতুন সংসদ ভৱনৰ উদ্বোধন উপলক্ষ্যে ৭৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰিব চৰকাৰে