Local, Vocal, Global

কৰ’নাৰ বিভীষিকাৰ মাজতে ৰাজ্যবাসীলৈ ভাল খবৰ

কৰ’নাৰ বিভীষিকাৰ মাজতে ৰাজ্যবাসীলৈ ভাল খবৰ। ‘উবেৰেশ্যন আঁচনি’ৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিব চিটি বাছ সেৱা। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ৬৬৮ খনকৈ নতুন বাছ চলিব ৰাজ্যৰ ৰাজপথত। ইয়াৰে মহানগৰীৰ বিভিন্ন স্থানত চলিব ২৩৩ খন চিটি বাছ সেৱা। গুৱাহাটী মহানগৰীৰ লগতে ‘উবেৰেশ্যন আঁচনি’ৰ অধীনত তেজপুৰ, ডিব্ৰুগড়,যোৰহাট আৰু শিলচৰত শীঘ্ৰে আৰম্ভ হ’ব চিটি বাছ সেৱা।

প্ৰথম পৰ্যায়ত যোৰহাট আৰু শিলচৰত চলিব ১৫ খনকৈ চিটি বাছ। ১০ খনকৈ চিটি বাছ চলিব তেজপুৰ আৰু ডিব্ৰুগড়ত।
ASTC-ৰ তত্বাৱধানত ১৫০ খন বাছ দিনত আৰু ৮৮ খন নৈশ বাছ ৰাজ্যৰ ৰাজপথত চলিব। ৯৩ খন কম দূৰত্বৰ বাছৰ
হাফলংত চলিব ৩ খন বাছ, ডিফুত চলিব ৩খন বাছ, চাহ বাগানত চলিব ২৫ খনকৈ বাছ। এই আঁচনিৰ অধীনত বি টি এ ডি-তো চলিব ১০ খন বাছ। ২৫ শতাংশ ৰাজ সাহায্যৰে আত্মসহায়ক গোট আৰু বাছৰ লগত জড়িত লোকে এই বাছ ক্ৰয় কৰিব পাৰিব।