Local, Vocal, Global

গোলাঘাটত চোৰৰ টাৰ্গেট ব্ৰেণ্ডেড সুৰা

গোলাঘাটত এইবাৰ চোৰৰ শেনচকু সোণৰ আ-অলংকাৰ, ফ্ৰিজ-টিভিত নহয় দৃষ্টি পৰিল ৰঙা ৰঙা সুৰাৰ বটলত। গোলাঘাটত ৰঙা বটল বিচাৰি চোৰ সোমাল সুৰাৰ বিপনীত। গোলাঘাট জোনাকী নগৰৰ এখন ওৱাইন শ্ব’পত চোৰৰ চাফাই অভিযান। জোনাকী নগৰৰ নিৰ্মল সন্দিকৈ সুৰাৰ বিপণীত তলা ভাঙি চোৰে প্ৰৱেশ কৰি টাৰ্গেত কৰিলে 100 PIPERS , SIGNATURE, BLENDERs PRIDE আদি মদৰ বটলত । বিপণীখনৰ প্ৰায় লক্ষাধিক টকাৰ দামী দামী সুৰাৰ বটল আৰু নগদ ১৩০০০ হাজাৰ টকা চুৰি কৰি নিয়ে চুৰে । গোলাঘাটত চোৰে জ্বলা কলা খোৱাইছে গোলাঘাট আৰক্ষীক। লকডাউনৰ সময়ছোৱাৰ পৰাই চোৰৰ ৰম্যভূমি লৈ পৰিণত হৈছে গোলাঘাট চহৰ। গোলাঘাটত চোৰে বাদ দিয়া নাই কোনো সামগ্ৰী। কেতিয়াবা যদি  ফলমূল, আকৌ কেতিয়াবা সোন ৰূপৰ আ-অলংকাৰ, নগদ ধন। আৰু এইবাৰ চোৰে টাৰ্গেট কৰিলে সুৰাৰ বিপনী। চোৰে চুৰি কাৰ্য কৰাৰ পিছত মোহাৰি যায় নিজৰ পৰিচয়, এইবাৰো বিপণীৰ CCTV ভাঙি চোৰে চেলেঞ্জ দিলে গোলাঘাট আৰক্ষীক।