Local, Vocal, Global

ৰাজনীতিৰ বৰ্ণমালা শিকিবলৈ BTADত হিমন্ত বিশ্বৰ জীপত পুত্ৰ নন্দিল

প্ৰথমবাৰলৈ পিতৃ হিমন্তবিশ্ব শৰ্মাৰ সৈতে ৰাজনৈতিক মঞ্চত পুত্ৰ নন্দিলবিশ্ব শৰ্মা। বড়োভূমিত BJPৰ নিৰ্বাচনী প্ৰচাৰত দিনে নিশাই ব্যস্ত হিমন্তবিশ্ব শৰ্মাৰ কাষত শনিবাৰে দেখা গ’ল নন্দিলক। দৰঙৰ আঠেৰিঘাটৰ পৰা ডিমাকুচিলৈ এক বিশাল বাইক ৰেলীত শনিবাৰে অংশ লয় হিমন্ত বিশ্ব শৰ্মাই। আনদিনাৰ দৰে খোলা জীপত উঠি সমৰ্থকৰ অভিবাদন গ্ৰহণ কৰি আগবাঢ়িছিল হিমন্তবিশ্ব শৰ্মা। সেই সময়তে পিতৃৰ জীপত আন কেইজনমান লোকৰ সৈতে দেখা গ’ল হিমন্তপুত্ৰ নন্দিলক। ৰাজ্যৰ বাহিৰত অধ্যয়ণৰত নন্দিলক এনেদৰে পিতৃৰ ৰাজনৈতিক কাৰ্যসূচীত এয়ে প্ৰথম দেখিবলৈ পোৱা গ’ল। কেইদিনমানৰ পূৰ্বে GMCHত পিতৃ-মাতৃৰ সৈতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক GMCHত দেখা কৰিবলৈ গৈছিল নন্দিল।