Local, Vocal, Global

কৰনাৰ নতুন ৰূপক লৈ আতংকৰ সৃষ্টি নকৰিব, স্বাস্থ্য মন্ত্ৰীৰ আহ্বান

ব্ৰিটেইনত কৰনা ভাইৰাছৰ নতুন ৰূপক লৈ বিশ্বজুৰি চর্চা চলিছে। কিন্তু ইয়াৰ বাবে ভাৰতত আতংকৰ কোনা কাৰণ নাই বুলি দাবী কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হর্ষবর্ধনৰ। স্বাস্থ্য মন্ত্ৰীৰ মতে ‘এই মুহূর্তত কাল্পনিক পৰিস্থিতিক লৈ আলোচনা বা আতংক নিবিয়পাব। বিষয়টোক লৈ চৰকাৰ সম্পূর্ণ সতর্ক হৈ আছে।’ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে নতুন ৰূপৰ ভাইৰাছক লৈ আলোচনাৰ অন্তত ৩১ ডিচেম্বৰ পর্যন্ত ব্ৰিটেইনলৈ বিমান সেৱা বন্ধ ৰখাৰ পৰামর্শ আগবঢ়াইছে।

যোৱা মাহত ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছিল যে দেশখনৰ কিছু অঞ্চলত কৰনা ভাইৰাছৰ নতুন এটা ৰূপ পোৱা গৈছে যি পূর্বৰ ভাইৰাছতকৈ বহুগুণে অধিক সংক্ৰামক।পূর্বৰ ভাইৰাছতকৈ ৭০ শতাংশ অধিক সংক্ৰামক এই ভাইৰাছ প্ৰসংগত দেশখনৰ স্বাস্থ্য সচিবৰ মন্তব্য, ‘পৰিস্থিতি অত্যন্ত উদ্বেগজনক।’ অৱশ্যে ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ দাবী, ‘নতুন ভাইৰাছৰ সংক্ৰমণৰ ফলত অসুস্থতা গুৰুতৰ হোৱাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই।’ কিন্তু বিপদৰ আগজাননী পাই ইতিমধ্যেই কানাডা, ছৌদি আৰব আৰু কেইবাখনো দেশে ব্ৰিটেইন সংযোগী বিমান সেৱা বাতিল কৰিছে।