Local, Vocal, Global

৯৩ বছৰ বয়সত প্ৰবীণ কংগ্ৰেছ নেতা মতিলাল ভোৰাৰ দেহাৱসান

প্ৰবীণ কংগ্ৰেছ নেতা মতিলাল্ ভোৰাৰ মৃত্যু ঘটিছে৷ ওখলাৰ এছকোর্ট হাস্পতালত কিছুদিন পূর্বে ভর্তি কৰোৱা হৈছিল ভোৰাক৷মূত্ৰ নলী আৰু হাঁওফাঁওত সংক্ৰমণজনিত অসুস্থতাৰ পাছত ভেণ্টিলেটৰৰ ছাপর্টত আছিল ভোৰা৷মধ্য প্ৰদেশৰ প্ৰাক্তন  মুখ্য মন্ত্ৰী মতিলাল ভোৰা এইবছৰৰ এপ্ৰিললৈকে ছত্তিশগড়ৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল৷ দীর্ঘদিন ধৰি কংগ্ৰেছৰ প্ৰশাসন বিভাগৰ সাধাৰণ সম্পাদক হিচাপেও নিযুক্ত আছিল ভোৰা৷ভোৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধান মন্ত্ৰী মোদীয়ে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভোৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, তেওঁ আছিল এজন প্ৰকৃত কংগ্ৰেছী আৰু মনোৰম  ভাল মানুহ৷