Local, Vocal, Global

“Naturalist Kudrat Ali’s great work involves the free distribution of saplings to protect the environment” : হাট-বজাৰ, ৰাজহুৱা স্থানত বিনামূলীয়াকৈ মূল্যবান গছপুলি বিতৰণ কুদৰত আলীৰ

কলিয়াবৰ,১৫মে’ : কুদৰত আলীৰ ব্যতিক্ৰমী প্ৰয়াস । হাট-বজাৰ, ৰাজহুৱা স্থানত বিনামূলীয়াকৈ মূল্যবান গছপুলি বিতৰণ কৰি কুদৰত আলীৰ ।যিসময়ত নিৰ্মাণকাৰ্যৰ নামত অবাধে চলিছে ধ্বংসলীলা, যি সময়ত গোলকীয় উঞ্চতা বৃদ্ধিয়ে সমস্যাত পেলাইছে সমগ্ৰ বিশ্বৰ জনতাক, সেই সময়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ওলাই আহিছে কুদৰত আলী । মৃত্যু পৰ্যন্ত গছপুলি ৰোপণেই জীৱনৰ ব্ৰত কুদৰতৰ ।

কুদৰত আলীয়ে এই ব্যতিক্ৰমী প্ৰয়াস হাতত লয় কয়, “লাগিলে মই ঘৰেই নবনাওঁ । তথাপিও আমৃত্যু গছপুলি ৰোপণ কৰি যাম । মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব ।

কুদৰত আলীৰ এটাই লক্ষ্য তেওঁ বেছিদিন জীয়াই নাথাকে কিন্তু এজোপা গছ ২০০ৰ পৰা ২৫০ বছৰলৈ জীয়াই থাকিব । গতিকে তেওঁ হাৰ নামানে । লাগিলে তেওঁ ঘৰ-বাৰীয়েই নবনায়, কিন্তু মৃত্যু পৰ্যন্ত গছপুলি বিতৰণ তথা ৰোপণ কৰি যাব । ইতিমধ্যে ব্যক্তিগৰাকীয়ে বিভিন্ন বিদ্যালয় তথা ৰাজহুৱা স্থানত গছ পুলি ৰোপণ কৰি বিশেষভাৱে সমাদৰ লাভ কৰিছে(“Naturalist Kudrat Ali’s great work involves the free distribution of saplings to protect the environment”) ।

শগুণী লতা, অৰ্জুন আদি গছৰ দৰে দুৰাৰোগ্য ৰোগত ব্যৱহাৰ হোৱা প্ৰায় ২ হাজাৰ গছপুলি বিতৰণ কৰিছে ব্যক্তিগৰাকীয়ে । প্ৰকৃতি সংৰক্ষণৰ বার্তাৰে ৰাজহুৱা স্থানত সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান কলিয়াবৰৰ কুদৰত আলীৰ । আশা কৰো কুদৰতৰ এই প্ৰচেষ্টা সফল হওক ।

লগতে পঢ়ক : Assam Police jawan missing : নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ গৈ গংগা নৈত সন্ধানহীন অসমৰ আৰক্ষী জোৱান