Assam Police jawan missing : নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ গৈ গংগা নৈত সন্ধানহীন অসমৰ আৰক্ষী জোৱান

বিলাসীপাৰা,১৫মে’ : নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ গৈ গংগা নৈত সন্ধানহীন অসমৰ আৰক্ষী জোৱান ।বিহাৰত সংঘটিত হৈছে অঘটন ।
জানিব পৰা মতে, বিলাসীপাৰাৰ সন্তান তথা অসম আৰক্ষীৰ জোৱান মিন্টু ৰায়ে বিহাৰত লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰি জশপুৰ জিলাত গংগাত গা ধুবলৈ গৈছিল আৰু সেই সময়তে আৰক্ষী জোৱানজন গংগা নৈত সন্ধানহীন হৈ পৰে । পৰিয়ালৰ সূত্ৰই জনোৱা মতে বিলাসীপাৰা পৌৰসভাৰ অন্তৰ্গত ন’ নম্বৰ ৱাৰ্ড হাকামাৰ বাসিন্দা ননেন ৰায়ৰ পুত্ৰ মিন্টু ৰায় অসম আৰক্ষীত কৰ্মৰত আছিল( Assam Police jawan missing) ।
উল্লেখ্য যে, মিন্টু ৰায় অসমৰ চৰাইদেউ জিলাৰ লগতে কেবাখনো জিলাত লোকসভা নিৰ্বাচনত কৰ্তব্য পালন কৰাৰ পিছত পুনৰ লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ বিহাৰলৈ প্ৰেৰণ কৰিছিল । বিহাৰৰ জশপুৰ জিলাত লোকসভা নিৰ্বাচনৰ কৰ্তব্য সম্পন্ন কৰি সমনীয়াৰ সৈতে গংগাত গা ধুবলৈ গৈছিল আৰু তাত অসম আৰক্ষীৰ কনিষ্টবলগৰাকী সন্ধানহীন হৈ পৰে ।
মিন্টু’ৰ বাসগৃহত মঙলৰবাৰে বিয়লি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াসহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ এই খবৰ দিয়াৰ লগে লগে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । মিন্টু ৰায়ক জীৱিত অৱস্থাত উদ্ধাৰ কৰি নিজৰ পৰিয়ালৰ ওচৰত চমজাই দিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।