Local, Vocal, Global

Massive fire breaks out in Dhing : ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ;ক্ষতি সাধন লক্ষাধিক টকাৰ সম্পত্তিৰ

নিউজ ডেস্ক,১৫মে’ : ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ । ক্ষতি সাধন লক্ষাধিক টকাৰ সম্পত্তিৰ ।

বুধবাৰে পুৱতি নিশা নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰিত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ।

জানিব পৰা মতে, অঞ্চলটোত প্ৰথমে এটা গৃহৰ পৰা জুইৰ সূত্ৰপাত হয়। স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সময় মতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ বাবে জুই নিমিষয়ে বিয়পি যায় আৰু ২০জন লোকৰ ঘৰ জুয়ে আৱৰি ধৰে(Massive fire breaks out in Dhing)।

এই ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পিছত ধিং আৰু বটদ্ৰৱা, মৰিগাঁও আৰু মৈৰাবাৰীৰৰ পৰা চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰায় দুঘণ্টা সময় জুৰি কৰা চেষ্টাত কৰাৰ জুই নুমুৱাবলৈ সক্ষম হয়। ইপিনে চৰকাৰী গাওঁবুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাওঁ আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনা স্থলীত উপস্থিত নোহোৱাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

এই ভয়ংকৰ অগ্নিকাণ্ডত আক্কাছ আলী(৪৫)নামৰ এজন লোক গুৰুতৰভাৱে আহত হয় । আহত আক্কাছ আলীক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

ইফালে ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, অগ্নিকাণ্ডত ৰমজান আলী, আজিবা খাতুন, শ্বমলা খাতুন, আক্কাছ আলী, নজৰুল ইছলাম, মুস্তাফা আহমেদ, শ্বৰিফুল ইছলামকে আদি কৰি ২০জন লোকৰ বাসগৃহ জুইত সম্পূৰ্ণ ৰূপে জাহ যায়। এই অগ্নিকাণ্ডত নগদ ২লাখ ২০হাজাৰ টকা, গৰু, ছাগলী, হাহ, কুকুৰা, আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ। কিন্তু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক :“Naturalist Kudrat Ali’s great work involves the free distribution of saplings to protect the environment” : হাট-বজাৰ, ৰাজহুৱা স্থানত বিনামূলীয়াকৈ মূল্যবান গছপুলি বিতৰণ কুদৰত আলীৰ