Local, Vocal, Global

Illegal Sand Mining : মৰিয়নীত কাৰ চত্ৰছায়াত চলিছে অবৈধ বালিৰ খনন

মৰিয়নী,১৫মে’ : কাৰ চত্ৰছায়াত চলিছে অবৈধ শিল-বালিৰ বেহা ? কিয় চকুত নপৰে বিভাগৰ

অবাধ গতিত নৈৰ বুকুত চলিছে শিল আৰু বালিৰ খনন । দিনে নিশাই ড্ৰেজাৰ মেচিন, ফক লেনেৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে শিল, বালি । শিল বালিৰ মাফিয়াক যেন বাধা দিবলৈ নাই কোনো । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Sand Mining ) ।

প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি বালিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই বালিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

ৰাজ্যত অব্যাহত আছে শিল-বালিৰ বৃহৎ চিণ্ডিকেট । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে শিল-বালিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।

বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা ।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা মৰিয়নীত চলি আছে অবৈধ বালি খনন। অকল বালি খননে নহয় । প্ৰতিদিনে মৰিয়নী নগৰৰ মাজমজিয়া দি অধিক পৰিমাণৰ বালি সৰবৰাহ হয় । তাৰ পিছতে কোনো গুৰুত্ব নাই বনাঞ্চলিক বিষয়া ৰ । চকু মুদা কুলিৰ ভাও বনাঞ্চলিক বিষয়াৰ ।

ইফালে যোৱা ৫মে’ত ভোগদৈ নৈত গা ধুবলৈ গৈ ভোগদৈৰ অবৈধ বালি খননৰ ফলত সৃষ্টি হোৱা গাঁতত পৰি মনোজ তেলেংগা নামৰ এজন যুৱকৰ মৃত্যু হৈছিল । বৰ্তমানলৈ মাৰ যোৱা নাই শোকৰ ছাঁ ।