Local, Vocal, Global

ক্ৰমাৎ কিলাৰ হাইৱেলৈ পৰিণত হৈছে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ

নুমলীগড়ত পথ দূৰ্ঘটনা । ক্ৰমাৎ কিলাৰ হাইৱেলৈ পৰিণত হৈছে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো । ইতিমধ্যে পথটোত দূৰ্ঘটনাত পতিত হৈ বহু লোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে বহুজন জীৱনৰ কাৰণে ঘুণীয়া হব লগা হৈছে। নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লৱনঘাটত AS05A8229 নম্বৰৰ এখন চাহপাত কঢ়িওৱা 407 বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৩০ ফুট দ’ খাৱৈত বাগৰি পৰে । দূৰ্ঘটনাটোত গাড়ীখনত থকা প্ৰায় ৫ জন শ্ৰমিক গুৰুত্বৰ ভাৱে আহত হয় । ইফালে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোত বৃহৎ-বৃহৎ গাত সৃষ্টি হোৱাৰ বাবে সঘনাই দূৰ্ঘটনা সংঘটিত হ’ব ধৰিছে পথছোৱাত । পথত থকা দুৰৱস্থাৰ বাবেই আজি এই দূৰ্ঘটনাটো সংঘটিত হ’ল বুলি স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে ।