Local, Vocal, Global

কামৰূপৰ বকোত ভয়ংকৰ পথ দুৰ্ঘটনা

কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন AS 01 AM 4156 নম্বৰ বাইকৰ সতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হয় এখন টাটা আল্ট্ৰা AS 25 EC 9868 বাছৰ। দূৰ্ঘটনাত থিতাতে মৃত্যু হয় বাইক আৰোহী তথা প্ৰাক্তন ভাৰতীয় সেনা বিষয়া ৬৫ বছৰীয়া পৱিত্ৰ কুমাৰ ৰাভাৰ।পৱিত্ৰ কুমাৰ ৰাভাৰ ঘৰ বকোৰ চ’কাবাহাত বুলি জানিব পৰা গৈছে। বকোত বজাৰ কৰিবলৈ আহি ঘৰলৈ উভতি গৈ থকা অৱস্থাত বকোৰ জাৰাপাৰাত গোৱালপাৰাৰ পৰা মিৰ্জা অভিমুখী আহি থকা বাছখনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত ৰাভাৰ থিতাতে মৃত্যু ঘটে। তীব্ৰ বেগত অহা বাছখনে বাইক খনক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুত সৰবৰাহী পোষ্টত খুন্দা মাৰি পথৰ দাঁতিত থকা খাৱৈত বাগৰি পৰে। এই দূৰ্ঘটনাত বাছৰ চালক সহিতে বহু কেইজন যাত্ৰী আহত হয় যদিও তেওঁলোকক স্থানীয় ৰাইজ আৰু বকো আৰক্ষীয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। উল্লেখযোগ্য যে, দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে বাছখন, কিয়নো বিদ্যুত সৰবৰাহ হোৱা পোষ্টত খুন্দা মাৰে যদিও সেই সময়ত বিদ্যুত সৰবৰাহ বন্ধ আছিল।