Website Design: dastechnologies.in
পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ আৰক্ষীৰ এক বৃহৎ সফলতা। বৈঠালাংছ’ৰ আৰক্ষীৰ জালত পৰিল এটা হত্যাকাৰী।ধৃত হত্যাকাৰীৰ নাম বাবু সিং হাঞ্চে। ৪ জুলাইত সতীৰ্থ চন্দ্ৰ ইংতিক হত্যা কৰি লুটি নিছিল ৭০ হাজাৰ টকা। ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল হত্যাকাৰী বাবু সিং হাঞ্চে। ইপিনে ঘটনা সংক্ৰান্তত বৈঠালাংছ’ৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত নিশা বৈঠালাংছ’ৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে নেলীত অভিযান চলাই আত্মগোপন কৰি থকা হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে লুটি নিয়া ধনৰ ৬৭ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।সম্প্ৰতি বৈঠালাংছ’ৰ আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰীটোক আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা।