Local, Vocal, Global

নৰেন্দ্ৰ মোডীলৈ অৰবিন্দ কেজৰিয়ালৰ মুকলি চিঠি

নৰেন্দ্ৰ মোডীলৈ অৰবিন্দ কেজৰিয়ালৰ মুকলি চিঠি
৭ নৱেম্বৰ, নিউ দিল্লীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখিছে চিঠি।

কেজৰিয়ালে প্ৰধানমন্ত্ৰী মোডীক ‘প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোঁজনা’ৰ আঁচনিৰ সা-সুবিধাসমূহ আৰু ছয়মাহৰ বাবে বঢ়াবলৈ দাবী জনাইছে। লগতে তেঁও লিখিছে যে দেশত বৰ্তমান সময়ত মূল্যবৃদ্ধিয়ে সকলোকে মাধমাৰ সোধাইছে।

এজন সাধাৰণ লোকে দুসাজ ভাত খাবলৈ চিন্তা কৰিবলগীয়া হৈছে, কোৰোণাৰ ফলত সাধাৰণ লোকসকল কৰ্ম সংস্থাপনহীন হৈছে।

সেয়েহে তেঁও প্ৰধানমন্ত্ৰী মোডীক এই চিঠিখনৰ জৰিয়তে আহ্বান জনাইছে যে ‘প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোঁজনা’ সা-সুবিধাসমূহ আৰু ছমাহলৈ যাতে বৃদ্ধি কৰি দিয়ে।