পুনৰ ২৩৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত
অসমত পুনৰ ২৩৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত। লগতে কৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়া ২গৰাকী।
ইয়াৰে ৯৪জন কামৰূপ মেট্ৰ’ৰ, ২৫জন কামৰূপ গ্ৰাম্যৰ, ১৬জন বৰপেটাৰ আৰু ১২জন ডিব্ৰুগড়ৰ। বিগত ১০ টা দিনত অন্য জিলাৰ তুলনাত কামৰূপ মেট্ৰত বহু বৃদ্ধি পাইছে কৰণাত আক্ৰান্ত লোকৰ সংখ্যা।
২৮ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ কেৱল কামৰূপ মেট্ৰতে কৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১০৫ গৰাকী। তাৰ তুলনাত অন্য জিলাত বৰপেটাত ২০২ গৰাকী, কামৰূপ গ্ৰাম্যত ১৫৭, যোৰহাট ১৪৭ আৰু দৰং-লখিমপুৰত ১০৯ গৰাকী। তাৰ বাহিৰে অন্য জিলাত আক্ৰান্তৰ সংখ্যা ১০০ৰ তলত।
বৰ্তমানলৈকে ৰাজ্যত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৬১২১৩৪জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩১২জন লোক।
আনহাতে, এতিয়াও ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২০৩২ গৰাকী ৰোগী।