মাইৰাং অসামৰিক উপ-বিভাগক এখন নতুন জিলালৈ উন্নীতকৰণৰ
মেঘালয় কেবিনেটে মাইৰাং অসামৰিক উপ-বিভাগক এখন নতুন জিলালৈ উন্নীতকৰণৰ বাবে ৰাজনৈতিক বিভাগৰ প্ৰস্তাৱটো অনুমোদন জনাইছে।
উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙে কৈছিল যে নতুনকৈ সৃষ্টি কৰা জিলাখনৰ নাম ‘পূব পশ্চিম খাচী পাহাৰ’ ৰখা হ’ব। ইফালে, নতুন জিলাখনৰ উদ্বোধন ১০ নৱেম্বৰ, ২০২১ তাৰিখে হ’ব।
আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও টুইটাৰযোগে এই শুভবাৰ্ত্তা প্ৰকাশ কৰে। তেওঁ টুইট কৰি কয়, “মাইৰাং অসামৰিক উপ-বিভাগক এখন পূৰ্ণাংগ জিলালৈ উন্নীত কৰাৰ প্ৰস্তাৱ আজি কেবিনেটে অনুমোদন জনাইছে। নতুন জিলাখনৰ নাম পূব পশ্চিম খাচী পাহাৰ ৰখা হ’ব বুলি ঘোষণা কৰে আৰু ২০২১ চনৰ ১০ নৱেম্বৰত উদ্বোধন কৰা হ’ব।”””
এখন নতুন জিলা যোগ দিয়াৰ সৈতে, মেঘালয়ত এতিয়া মুঠ 12 খন জিলা আছে।