Local, Vocal, Global

প্ৰশংসাৰে কৰিণাই ওপচাই পেলালে নৰা ফাটেহিক, কিন্তু কিয়?

প্ৰায় দুবছৰ ধৰি বলীউড জগতত খোপতি পুতিবলৈ সক্ষম হোৱা তাৰকা নৰা ফাটেহিক প্ৰশংসাৰে ওপচাই পেলালে বলীউডীৰ অভিনেত্ৰী কৰিণা কাপুৰ খানে৷ বলীউডত ইখনৰ পিছত সিখন হিট ছবিত অভিনয় কৰা কৰিণাই শলাগ ল’লে অভিনেত্ৰী নৰা ফাটেহিৰ৷ কৰিণাই কয় যে নৰাই বলীউডত বেক টু বেক হিট ছঙছ দি গৈছে৷ নৰাৰ নৃত্যই মন্ত্ৰমুগ্ধ কৰে দেশবাসীক৷ বলীউডত নৰাৰ দৰে নৃত্য কৰিব পৰা খুব কম সংখ্যক অভিনেত্ৰী আছে বুলি মন্তব্য কৰে কৰিণা কাপুৰ খানে৷ নৰাই যেনেদৰে লাইফ ষ্টাইল মেইনটেইন কৰে কৰিণা নৰাৰ ফেন হৈ গৈছে৷ লগতে কৰিণাই কয় নৰাৰ পৰা বহু শিকিব পৰা যাব৷