Local, Vocal, Global

মানুহক নহয়, সংগীতৰ আনন্দ দিয়ে বন্যপ্রাণীকহে

থাইলেণ্ডৰ এজন ব্যক্তিয়ে মানুহক নহয়, সংগীতৰ আনন্দ দিয়ে বন্যপ্রাণীকহে। বিগত সাত বছৰ ধৰি তেওঁ থাইলেণ্ডৰ বন্য জীৱ-জন্তুক পিয়ানো বজাই শুনাই আহিছে। এইজন পিয়ানোবিদে সংগীত শুনায় হাতী-বান্দৰক। তেওঁৰ নাম হ’ল পল বার্টন।

দৈনিক যথেষ্ট সময় তেওঁ পিয়ানো বজায়। প্ৰথমে ব্রিটেইনৰ য়র্কশ্বায়াৰ অঞ্চলত বাস কৰা বার্টনে এসময়ত কনচাৰ্টত পিয়ানো বজাই তেওঁ মানুহক আনন্দ দিছিল৷ অলপতে বার্টনে ছ’চিয়েল মিডিয়াত তেওঁ জীৱ- জন্তুক পিয়ানো বজাই সংগীত পৰিৱেশন কৰাৰ এক ভিডিঅ’ আপলোড কৰিছিল। ইউ টিউবৰ এই ভিডিঅ’ বহু লোকে পছন্দ কৰিছে। ভিডিঅ’ত বার্টনে বাং ডঙৰ এলিফেন্ট বন্ড চেংচুৱাৰীত হাতীক পিয়ানো বজাই মোহিত কৰাৰ দৃশ্য আবদ্ধ হৈছিল।  শেহতীয়া এটা ভিডিঅ’ত বার্টনক থাইলেণ্ডৰ লপবুৰি প্ৰদেশত থকা এটা পুৰণি মন্দিৰত পিয়ানো বজাই থকা অৱস্থাত দেখা গৈছিল। বন্য জীবন সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ বার্টনে এইদৰে সংগীত পৰিৱেশন কৰি ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আহিছে। ব্রিটিছ পিয়ানোবাদক বার্টনে বর্তমানে থাইলেণ্ডত বাস কৰে। বিগত সাত বছৰ ধৰি তেওঁ থাইলেণ্ডৰ বন্য জীৱ-জন্তুক পিয়ানো বজাই শুনাই আহিছে। এতিয়া চহৰৰ মানুহক নহয়, তেওঁ সংগীতৰ আনন্দ দিয়ে বন্যপ্রাণীকহে।