Local, Vocal, Global

Theft in Nalbari : বালিকৰিয়া বাসুদেৱ দেৱালয়ত চোৰে লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী

নিউজ ডেস্নক, ১৮ আগষ্ট : নলবাৰীৰ বালিকৰিয়া বাসুদেৱ দেৱালয়ত চুৰৰ চাফাই অভিযান(Theft in Nalbari) ৷ এইবাৰ চোৰে হাত দিলে মন্দিৰত । ভগৱানলৈও ভয় নাই চোৰৰ । আন্ধাৰৰ সুযোগ লৈ বৃহস্পতিবাৰে মাজনিশা বালিকৰিয়া বাসুদেৱ দেৱালয়ত তিনিজনীয়া চোৰৰ এটা দলে চলালে লুটপাত ৷ এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে দেৱালয়ৰ CCTV কেমেৰাত ৷

শুকুৰবাৰে পুৱা বালিকৰিয়া বাসুদেৱ দেৱালয় প্ৰাংগনৰ অৱস্থা দেখি হতভম্ব হৈ পৰে মন্দিৰৰ পূজাৰী ৷ তাৰ পাছতে এই চুৰিকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যই উল্লেখ কৰা অনুসৰি, প্ৰায় ৩০ লক্ষাধিক টকাৰ সোণ-ৰূপৰ লগতে মন্দিৰৰ মূল্যৱান সামগ্ৰী, মূৰ্তি আদি লুটি লৈ যায় তিনিজনীয়া চোৰৰ দলটোৱে ৷

আনকি, দেৱালয়ৰ শিৱ মন্দিৰৰ দান পাত্ৰটোও লুটি জংঘলৰ মাজত পেলাই থৈ যায় চোৰৰ দলটোৱে । ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছতে ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ২৪ ঘন্টাৰ ভিতৰত চোৰৰ দলটোক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দেৱালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় লোকে দাবী জনায় আৰক্ষীক ৷

লগতে পঢ়ক : Deven Dutta Passes Away : তেজৰ অভাৱত মৃত্যু হ’ল দেৱেন দত্তৰ