Local, Vocal, Global

Deven Dutta Passes Away : তেজৰ অভাৱত মৃত্যু হ’ল দেৱেন দত্তৰ

নিউজ সেস্ক, ১৮ আগষ্ট : অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা (Prof Deven Dutta) বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক দেৱেন দত্তৰ দেহাৱসান (Deven Dutta Passes Away)। কটন কলেজৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তৰ বিয়োগ অসমৰ সামাজিক, শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি ।

বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস কৰে দেৱেন দত্তই । কিন্তু দেৱেন দত্তৰ বিয়োগৰ ঘটনাই যেন উদঙালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নগ্ন স্বৰূপ। জানিব পৰা মতে এবটল তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে তেওঁৰ কেয়াৰ টেকাৰে।

দেৱেন দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে জানোৱা অনুসৰি , এবটল তেজৰ অভাৱতে মৃত্যু হ’ল দেৱেন দত্তৰ । নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰজনে। এটা ইউনিট জমা দিয়াৰ পিছতো নাপালে প্ৰয়োজনীয় তেজ । বৃহস্পতিবাৰে দিনতো তেজ বিচাৰিছিল চিকিৎসকে । কিন্তু নিশা ৯ বজাতহে তেজ দিব পাৰিলে দেৱেন দত্তক । ১২ ঘণ্টাৰ পিছত তেজ দিলে যদিও কামত নাহিল । অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন অধ্যাপক দেৱেন দত্ত ।

উল্লেখ্য যে ১১ আগষ্টত GMCHৰ ICUত ভৰ্তি কৰোৱা হৈছিল দেৱেন দত্ত। হৃদৰোগত আক্ৰান্ত হৈ বিগত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল দত্ত । ১৭ আগষ্ট নিশা ১২.১০ বজাত ইহলীলা সম্বৰন কৰে দত্তই।

লগতে পঢ়ক : Devan Dutta Passed Away : শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান