Local, Vocal, Global

Conjunctiviti : মাজুলীত কঞ্জাক্টিভাইটিছৰ ব্যাপক সংক্রমণ

নিউজ ডেস্ক, ১৮আগষ্ট : সম্প্ৰতি দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কঞ্জাক্টিভাইটিছ বা আই ফ্লুয়ে। এই ভাইৰাছে আক্ৰমণ কৰিছে বহু লোকক । এই ভাইৰাছৰ সংক্ৰমণৰ ফলত চিকিৎসালয়ত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা(Conjunctiviti)।

ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ পানী জমা হোৱাৰ ফলত এই সংক্ৰমণ যথেষ্ট বিয়পি পৰিছে । এই ভাইৰাছে সমান্তৰালকৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ মাজত অতি দ্ৰুততাৰে বিয়পিছে। বতৰৰ পৰিৱৰ্তনৰ লগে লগে চকুৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে। যাৰ বাবে অভিভাৱকসকল চিন্তিত হৈ পৰিছে। আই ফ্লু হ’লে চকুত জ্বলা-পোৰা, বিষ, ৰঙা পৰা আদিৰ দৰে সমস্যাই দেখা দিয়ে। ৰাজ্যত যেন দ্ৰুতগতিত বৃদ্ধি পাইছে আই ফ্লুয়ে ।

মাজুলীত ‘আইফ্লু’ৰ ব্যাপক সংক্রমণ।মাজুলীত ‘আইফ্লু’ত আক্ৰান্ত হৈছে বহুলোক । শিক্ষকে ধৰি আক্ৰান্ত হৈছে বহু ছাত্ৰ-ছাত্ৰী । মাজুলীৰ বনগাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত আক্রান্ত বহু শিক্ষক-শিক্ষাৰ্থী । ইতিমধ্যে আইফ্লুত আক্রান্ত হৈছে বিদ্যালয়খনৰ ২০০ গৰাকী শিক্ষাৰ্থী, আচাৰ্য-আচাৰ্য্যা।

জানিব পৰা মতে, বিদ্যালয়খনত প্ৰায় ৩০০ গৰাকী শিক্ষাৰ্থী আছে ।এই কঞ্জাক্টিভাইটি ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা কৰ্তৃপক্ষৰ। দুদিনৰ বাবে বিদ্যালয়খন বন্ধৰ ঘোষণা কৰিছে কৰ্তৃপক্ষই (Eye flu Majuli)।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আই ফ্লুৰ সংক্ৰমণ বৃদ্ধি পাইছে । বহুলোক এই আই ফ্লুত আক্ৰান্ত হৈছে । যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছুদিন পূৰ্বে বহু বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল।

লগতে পঢ়ক :Theft in Nalbari : বালিকৰিয়া বাসুদেৱ দেৱালয়ত চোৰে লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী