Local, Vocal, Global

ক’ভিড-১৯ৰ গণ টিকাকৰণ

ভাৰতত আৰম্ভ হ’বলগীয়া ক’ভিড-১৯ ৰ গণ টিকাকৰণ অভিযানত বেংক কৰ্মচাৰীসকলকো ‘ফ্ৰন্টলাইন ৱৰ্কাৰ’ হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে বিত্ত মন্ত্ৰী নিৰ্মলা সাতাৰামণলৈ পত্ৰ প্ৰেৰণ কৰিছে বেংকিং খণ্ডৰ সৈতে জড়িত বিষয়াসকলৰ চাৰিটাকৈ সংগঠনে। এই পত্ৰখনত তেওঁলোকে উল্লেখ কৰে যে কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ৰে পৰা বেংক কৰ্মচাৰীসকলে নিষ্ঠা-সততাৰে সেৱা আগবঢ়াই আহিছে। এই সন্দৰ্ভত পত্ৰখনত তেওঁলোকে এনেদৰে উল্লেখ কৰে- ‘বিভিন্ন বাধা আৰু প্ৰতিবন্ধকতাৰ সত্ত্বেও বেংক বিষয়া-কৰ্মচাৰীসকলে দেশৰ অৰ্থনীতিৰ গতিধাৰা আব্যাহত ৰখাৰ স্বাৰ্থত নিৱচ্ছিন্নভাৱে কাম কৰি আহিছে।যথেষ্টসংখ্যক বেংক কৰ্মচাৰীয়ে কোৰোনা সংক্ৰমিত হৈ মৃতুবৰণ কৰা সত্ত্বেও বেংকৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলে বাধাহীনভাৱে সেৱা আগবঢ়াই আহিছে। বিত্ত মন্ত্ৰীগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰা এই চাৰিটা সংগঠন হৈছে ক্ৰমে অল ইণ্ডিয়া বেংক অফিছাৰ্চ, কনফেডাৰেচন, অল ইণ্ডিয়া বেংক অফিছাৰ্চ এছ’চিয়েচন, ইণ্ডিয়ান নেচনেল বেংক অফিছাৰ্চ কংগ্ৰেছ আৰু নেচনেল অৰ্গেনাইজেচন অব বেংক অফিছাৰ্চ।