তীৰ্থ যাত্ৰীৰ দলক গুণ্ডা বাহিনীৰ আক্ৰমণ

নলবাৰীৰ তীৰ্থ যাত্ৰী দলক চিৰাং-বিজনী টোলগে’টত গুণ্ডা বাহিনীৰ আক্ৰমণ। নলবাৰীৰ পৰা বাবা ধামলৈ গৈ, তাৰ পৰা ধৰ্মীয় যাত্ৰা কৰি উভতি আহি থকা অৱস্থাত যোৱা ৰাতি চিৰাং বিজনী টোলগে’টত প্ৰায় ৫০ জনতকৈ অধিক গুণ্ডা বাহিনী আহি চৰকাৰী বাছ খনৰ পৰা ধন দাবী কৰাত, বাছ খনৰ কৰ্মচাৰীয়ে নিদিয়া বাবে হাতত লাঠী লৈ আহি বাছ খনত থকা তীৰ্থ যাত্ৰী সকলৰ ওপৰত আক্ৰমণ কৰে। উক্ত ঘটনাৰ ভিডিও ৰেকৰ্ডিং কৰিবলৈ লওঁতে তেওঁলোকৰ মোবাইল কাঢ়ি শাৰিৰীক ভাৱে অপদস্থ কৰি মদ্যপান কৰা যুৱক সকলে অশ্লীল গালি গালাজ পাৰিছে বুলি তীৰ্থ যাত্ৰী সকলে জানিবলৈ দিয়ে।
ছালফা উত্তম প্ৰধানৰ নেতৃত্বত অহা গুণ্ডা বাহিনীয়ে ASTC বাছৰ পৰা তীৰ্থ যাত্ৰীক নমাই পিষ্টল দেখুৱাই ভাবুকি দিয়ে। তীৰ্থ যাত্ৰী দলটোক নেতৃত্ব দিয়া হিন্দুত্ববাদী নেতা ধৰ্মেশ্বৰ হালৈ কয় যে- অসম চৰকাৰে অনুমতি দিয়া কাগজ দেখুওৱাৰ পিছত সেই কাগজ সিহঁতে ফালি পেলায় আৰু শাৰীৰিক ভাৱে অপদস্থ কৰি কয় যে ইয়াত কোনো চৰকাৰৰ কাগজ নচলে। এই ক্ষেত্ৰত তীৰ্থ যাত্ৰী দলটোৱে অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু পৰিবহন বিভাগৰ MD আনন্দ প্ৰকাশ তিৱাৰীক অনুৰোধ জনাই এই গুণ্ডা বাহিনী বোৰক কৰায়ত্ব কৰি টোলগে’ট সমূহ বন্ধ কৰিব লাগে বুলিও দাবী জনায়।