Local, Vocal, Global

বাঁহৰ সাঁকোৰে অভিলেখ!

কোনো প্ৰতিযোগিতা নহয়, এয়া ধেমাজি জিলাৰ উন্নয়নৰ নমুনা। শাসনাধিষ্টিত চৰকাৰ লগতে বিভাগীয় কতৃপক্ষৰ উন্নয়ন ফোপোলা স্বৰূপ । ধেমাজি জিলা বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰদলনি পঞ্চায়তৰ ১নং খনা কৃষ্ণপুৰ গাঁৱৰ হোৱা নাই কোনো উন্নয়ন। গাওঁ খনত নাই এটি সূচল পথ,আছে মাথোঁ ১০০ বা ২০০ মিটাৰ দূৰত্বত একোখনকৈ বাঁহৰ সাঁকো ।

উল্লেখযোগ্য যে,গাঁৱত উক্ত সমস্যা সমুহ দেখিও বৰদলনি উন্নয়ন খণ্ডৰ লগতে বৰদলনি গাওঁ পঞ্চায়তৰ বিষয়ববীয়াই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।