Local, Vocal, Global

নগৰবেৰাৰ ভখুৰাদিয়াত বিয়াঘৰত মাৰপিটৰ ঘটনা

ডিজিটেল ডেস্ক:- বিয়াখনৰ দৰা আছিল ভখুৰাদিয়া গাঁৱৰ ইমান আলীৰ পুত্ৰ হুমায়ুন কবিৰ আৰু কইনা একেখন গাঁৱৰে আলী আকবৰৰ কন্যা আৰমিনা আহমেদ।সোমবাৰে মাজনিশা বৰযাত্ৰীৰ দল বিয়া পাতিবলৈ উপস্থিত হয় ভখুৰাদিয়া গাঁৱৰ আলী আকবৰৰ ঘৰত অৰ্থাৎ কইনা ঘৰত।

কইনা ঘৰৰ গেটৰ সন্মুখতে spray দিয়াক কেন্দ্ৰ কৰি আৰম্ভ হয় ঠেলা হেঁচা। আৰু তাৰপাছতে সৃষ্টি হয় কুৰুক্ষেত্ৰ সদৃশ পৰিৱেশৰ।কইনা পক্ষৰ লোকৰ আক্ৰমণত আহত হয় দৰাৰ পিতৃ সহ প্ৰায় ৬ জনকৈ লোক।

আটাইকে স্থানীয় টুপামাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে মকবুল হুছেইন নামৰ লোকজনৰ অৱস্থা অধিক গুৰুতৰ হোৱাত চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰে।উল্লেখ্য যে, কইনা পক্ষৰ লোকে দৰা পক্ষৰ লোকক বহু সময় আৱদ্ধ কৰি ৰখাৰ লগতে দৰা পক্ষই লৈ যোৱা আ-অলংকাৰ সমুহ বলপূৰ্বক ৰাখি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে দৰা পক্ষই।