Local, Vocal, Global

তিতা কেৰেলাৰ গুণাগুণ সম্পৰ্কে জানো ; কিন্তু তিতাৰ লগত কি খাদ্য খালে অপকাৰ হয় জানো আহক

ডিজিটেল ডেস্ক: তিতা কেৰেলাৰ সৈতে নাখাব এই পাঁচটা বস্তু। তিতা কেৰেলা এবিধ অতি উপাদেয় খাদ্য কিন্তু ইয়াৰ কিছু জটিল দিশো আছে।
তিতা কেৰেলাৰ সৈতে নাখাব এই পাঁচটা বস্তু। যদি আপুনি দৈনিক তিতা সেৱন কৰে, তেন্তে বহু ধৰণৰ ৰোগ আপোনাৰ পৰা আঁতৰত থাকিব। ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা ঔষধতকৈ কম নহয়। ই ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। পেটৰ লগত জড়িত ৰোগবোৰো তিতা খালে ভাল হয়। লিভাৰ-এজমা ৰোগীয়ে তিতা কেৰেলা খাব লাগে। তিতা খোৱাৰ ফলতো কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ সমস্যা নহয়। কিন্তু আপুনি জানেনে যে তিতা খোৱাৰ পিছত কিছুমান বস্তু ভুলতেও সেৱন কৰা উচিত নহয়। ইয়াৰ বাবে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
তিতা খোৱাৰ পিছতো এই ৫ টা খাদ্য খাব নালাগে-

গাখীৰ
তিতা আৰু গাখীৰ একেলগে মিহলি হ’লে স্বাস্থ্যৰ বাবে শত্ৰুৰ দৰে কাম কৰে। সেইবাবেই দুয়োটাকে কেতিয়াও একেলগে খোৱা উচিত নহয়। ইয়াৰ বাবে পেটৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কোষ্ঠকাঠিন্য, বিষ আৰু পেটত জ্বলা-পোৰাৰ সমস্যা হ’ব পাৰে। যদি আপুনি ইতিমধ্যে পেটৰ সমস্যাৰ সৈতে যুঁজি আছে তেন্তে ই আৰু অধিক বিপজ্জনক হ’ব পাৰে।

দৈ
দৈ আৰু মাখন বহুতে ভাল পায়। যদি আপুনি তিতা শাক-পাচলি বা ইয়াৰ পৰা তৈয়াৰী আন যিকোনো বস্তু খাই, তেন্তে তাৰ পিছতে দৈ আৰু চেনি খোৱাৰ ভুল নকৰিব। কাৰণ দৈ আৰু মাখনত লেক্টিক এচিড পোৱা যায়, যিয়ে তিতাৰ পুষ্টিকৰ উপাদানৰ সৈতে ক্ৰিয়া কৰি ছালৰ ফোহা আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে। সেইবাবেই তিতা আৰু দৈ কেতিয়াও একেলগে খাব নালাগে।

আম আৰু তিতা একেলগে খোৱা উচিত নহয়। কাৰণ ই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। ইয়াৰ ফলত বমি, জ্বলা-পোৰা, এচিডিটিয়ে আপোনাক আমনি কৰিব পাৰে। কাৰণ দুয়োটা বস্তু হজম হ’বলৈ বহু সময় লাগে।

তিতা কেৰেলাৰ সৈতে মূলা খোৱাটোও ক্ষতিকাৰক। দুয়োটাৰে ভিন্ন প্ৰভাৱৰ বাবে পেটত প্ৰতিক্ৰিয়া হ’ব পাৰে। ইয়াৰ বাবে ডিঙিত এচিডিটি আৰু কফৰ সমস্যাও হ’ব পাৰে।

তিতা খোৱাৰ পিছত কেতিয়াও ভীমকল খাব নালাগে। ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।তিতা কেৰেলা খোৱাৰ পাছত ভীমকল খালে মানুহৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে।প্ৰাচীণ কালত তিতা কেৰেলা আৰু পকা ভীমকলৰ মিশ্ৰন প্ৰস্তুত কৰি বৰবিহ তৈয়াৰ কৰা হৈছিল।তিতা কেৰেলা আৰু পকা ভীমকলৰ মিশ্ৰন খোৱাৰ ২৪ ঘণ্টা পাছত এজন সুস্থ মানুহো মৃত্যুৰ মুখত পৰিব পাৰে।