Local, Vocal, Global

ক’ণ-ক’ণ শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ চাউল হ’লগৈ মাছ-কাছৰ আহাৰ

 

বিদ্যালয়ৰ শিক্ষকৰ নজিৰ বিহীন কাণ্ড। ক’ণ-ক’ণ ছাত্ৰ-ছাত্ৰীক নিবিলাই নৈৰ পানীত পেলাই দিলে বস্তাই-বস্তাই মধ্যাহ্ন ভোজনৰ চৰকাৰী চাউল ।

 

 

ক’ণ-ক’ণ শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ চাউল হ’লগৈ মাছ-কাছৰ আহাৰ । শিক্ষকে নিবিলাই বস্তাই-বস্তাই পেলাইছে নৈৰ বুকুত । নগৰবেৰাৰ ১৩০১ নং বদলা পথাৰ প্ৰাথমিক বিদ্যালয়ত শনিবাৰে পোহৰলৈ আহিছে এই অদ্ভুত কাণ্ড

 

# কভিড দুৰ্যোগৰ বাবে সম্প্ৰতি বন্ধ হৈ আছে প্ৰাথমিক বিদ্যালয় সমূহ ,ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে বিলাব লাগে চাউল বোৰ

 

পিছে তাকে নকৰি শিক্ষকে মাহে-মাহে জমা কৰি গৈছে দ’মে-দ’মে মধ্যাহ্ন ভোজনৰ চাউল ,ফলত  শিক্ষানুষ্ঠানত পচি নষ্ট হ’ব ধৰিছে চাউলবোৰ

 

সেয়ে দূৰদৰ্শী শিক্ষাগুৰুৱে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পচা চাউল নিবিলাই এইদৰে পেলাই দিছে কাষেৰে ব’ই যোৱা কলহী নৈৰ পানীত

 

পুনৰ কৈছো নগৰবেৰাৰ ১৩০১ নং বদলা পথাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক নিবিলাই নৈত দলিয়ালে বস্তাই-বস্তাই মধ্যাহ্ন ভোজনৰ চাউল

 

প্ৰধান শিক্ষকৰ ইংগিততে কৰা হৈছে হেনো এনে বিয়াগোম অপচয় ,পূৰ্বেও হেনো সংঘটিত হৈছিল অনুৰূপ ঘটনা ,এই কাণ্ডত জড়িত শিক্ষকৰ শাস্তিৰ দাবী

 

 

 

প্ৰশ্ন হয়-যদি বিলোৱা নহয় ,তেন্তে কিহৰ বাবে এইদৰে পানীত দলিয়াবলৈ সংগ্ৰহ কৰে চৰকাৰী চাউল ,আগলৈ ৰোধ হ’বনে শিক্ষা বিভাগৰ এনে লখিমী অপচয় কাণ্ড ?