Local, Vocal, Global

সাৱধান অভিভাৱক সকল ! চকলেট দেখুৱাই অপহৰণ কৰিব পাৰে আপোনাৰ শিশুক

জাগীৰোডত সক্ৰিয় শিশু অপহণকাৰী । চকলেট দেখুৱাই অপহৰণ কৰে শিশু ।

জাগীৰোডত বিগত কিছুদিনৰ পৰা সক্ৰিয় হৈছে শিশু অপহৰণকাৰী। বিভিন্ন প্ৰলোভন বা চকলেট দেখাই অপহৰণ কৰি লৈ যায় শিশু। বিগত দহটা দিনত এনে কেইবাটাও শিশুৰ অপহৰণ কাণ্ড সংঘটিত হয় অৱশ্যে তৎপৰতাৰে উদ্ধাৰ কৰা হয় সকলোকে ।

পুনৰ শুক্ৰবাৰে জাগীৰোড চহৰৰ মাজমজিয়াৰ পৰা ডায়েৰী মিল্ক চকলেট খুৱাই নিজ গৃহৰ সন্মুখৰ পৰাই লৈ গৈছিল এটি কন্যা শিশু। এখন ই-ৰিস্কা বাহনেৰে জাগীৰোড ৰে’ল ষ্টেচনলৈ লৈ গৈছিল শিশুটিক। কিন্তু কোনো বিশেষ পৰিস্থিতিত জাগীৰোড ৰেল ষ্টেচনত অপহৰনকাৰীয়ে এৰি থৈ যায় শিশুটিক। পিচত স্থানীয় এজন যুৱকে অকলশৰীয়া শিশুটি প্ৰত্যক্ষ কৰি চমজাই দিয়ে ৰেলৱে আৰক্ষীক। ৰেলৱে আৰক্ষীয়ে চাপৰমুখলৈ লৈ যায় শিশুটিক।

নিশাৰ ভাগত শিশুটিৰ পিতৃ-মাতৃয়ে নগাঁও চাইল্ড লাইন কৰ্তৃপক্ষৰ পৰা নিজ গৃহলৈ আনে কন্যা শিশুটিক। শুক্ৰবাৰে দুপৰীয়াৰ ভাগত ঘটা এই ঘটনাই জাগীৰোড অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এসপ্তাহ পূৰ্বেও অনূৰূপ ধৰণে এটি শিশু জাগীৰোডৰ পৰা নিৰুদ্দিষ্ট হৈছিল আৰু সোণাপুৰত পথৰ কাষত উদ্ধাৰ কৰা হৈছিল।

পৰিতাপৰ বিষয় এয়ে জাগীৰোড ৰে’ল ষ্টেচন আধুনিকীকৰণ হ’ল কিন্তু আজিলৈকে নালাগিল চিচি কেমেৰা। ফলত কোনে এইদৰে শিশু অপহৰণ কৰে এই তথ্য উলিয়াব নোৱাৰে আৰক্ষীয়ে। এই অপহৰণকাণ্ডই উদঙালে বিয়াগোম ৰেল বিভাগৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ।