Local, Vocal, Global

নগাঁৱৰ শালনাত উদ্ধাৰ এডাল বৃহৎকায় ৰাজফেঁটি

নগাঁৱৰ শালনাত উদ্ধাৰ এডাল বৃহৎকায় কিং-ক’ব্ৰা অৰ্থাৎ ৰাজফেঁটি। এজন স্থানীয় লোকৰ ঘৰৰ কুৱাত পৰি আবদ্ধ হৈ থকা দুষ্প্ৰাপ্য সৰ্পডালৰ বিষয়ে জানিব পাৰি সৰ্পডাল উদ্ধাৰ কৰিবলৈ উক্ত অঞ্চলত উপস্থিত হয় চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক ।
বিনোদ দুলু বৰাৰ পৰিত্যক্ত কুৱাটোৰ পৰা কিং-ক’ব্ৰা ডালক বহু চেষ্টাৰ অন্তত অতি যতনেৰে উদ্ধাৰ কৰি অৱশেষত বন বিভাগৰ লোকৰ উপস্থিতিত সৰ্পডাল মুকলি কৰি দিয়ে চোৱাং সংৰক্ষিত বনাঞ্চলত। অৱশ্যে মুখ্যমন্ত্ৰী সামূহিক কৰ্ম বটাঁ প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই ঘটনাস্থলীৰ পৰা প্ৰায় ১০ ফুট দৈঘ্যৰ কিং-ক’ব্ৰা ডাল উদ্ধাৰ কৰায়ে নহয় বানপানীৰ সময়ত কোনো বন্য জীৱ-জন্তু জনাঞ্চলত প্ৰবেশ কৰিলে কেনেকৈ সেইসমূহক উদ্ধাৰ তথা সুৰক্ষা প্ৰদান কৰিব লাগে সেই বিষয়তো অঞ্চলবাসীৰ মাজত সজাগতা সৃষ্টিৰ পূৰ্ণ প্ৰয়াস কৰা পৰিলক্ষিত হয় ।