Local, Vocal, Global

বজালীত বানে ভাঙি গ’ল ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ

বজালীৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত কঁহৰা অঞ্চলত বানে তচনচ কৰি থৈ গ’ল এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথ। কঁহৰা চ’কৰ ৩১নং ঘাইপথৰ পৰা কেইবাখনো গাঁৱৰ মাজেৰে সৰুপেটা সংযোগী পথটোৰ এটা অংশ খহাই নিয়াৰ বাবে যোগাযোগ ব্যাহত হৈছে ৰাইজৰ। সম্প্ৰতি ৰাইজে পথৰ ওপৰত বাঁহ পাৰি বিপদসংকুলভাৱে যাতায়াত কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি ৩১নং ঘাইপথ নিৰ্মাণ কৰা কে এম চি নামৰ কোম্পানীটোৱে ঘাইপথত নিৰ্মাণ কৰা দলঙৰ বাবে পানীয়ে প্ৰতিবছৰে পথটোত ভয়ানক পৰিৱেশৰ সৃষ্টি হয়।