Local, Vocal, Global

কঁঠিয়াতলীত জব্দ দুখন বালিভৰ্তি ডাম্পাৰ

নগাঁও জিলাৰ কঁঠিয়াতলীত বন বিভাগৰ অভিযান।দুখনকৈ বালিভৰ্তি ডাম্পাৰ জব্দ কৰে বন বিভাগে। ডাম্পাৰ দুখনৰ নম্বৰ ক্ৰমে AS02AC7615 আৰু AS02AC1735। দুয়োখন ডাম্পাৰে নিৰ্দিষ্ট জোখতকৈ অধিক পৰিমাণে বালি কঢ়িয়াই আনিছিল পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ পৰা। কামপুৰত বালি ট্ৰাকৰ দৌৰাত্ম্যত বাতৰি প্ৰকাশ হোৱাৰ পিছতে  সৰৱ হৈ পৰিছিল কঠীয়াতলী বন বিভাগ।