Local, Vocal, Global

কাৰ্বি আংলঙত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য

কাৰ্বি আংলং আৰক্ষীৰ তৎপৰতাত পুনৰ জব্দ হয় ড্ৰাগছ। বোকাজানৰ ডিলাই আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি । বৃহৎ পৰিমাণৰ নিচাযুক্ত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। প্রায় ৫৭২ গ্ৰাম ৩৩টা চাবোনৰ বাকচত উদ্ধাৰ হয় হেৰ’ইন খিনি।

ডিলাই আৰক্ষীৰ নাকা তালাচীত AS 25 D 6816 নম্বৰৰ এখন টাটা ডি আইৰ পৰা উদ্ধাৰ হয় ড্ৰাগছ খিনি। গাড়ীখনৰ স্পেয়াৰ টায়াৰত ভৰাই আনিছিল ড্ৰাগছ খিনি। ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখতকৈ অধিক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ লগত আৰক্ষীয়ে আটক কৰে কাচেম আলি আৰু সাদ্দাম হুছেইনক।