Local, Vocal, Global

কণ্টেইনমেণ্ট জ’ন হ’ব নগাওঁ জি.ডি. হাস্পতাল

কণ্টেইনমেণ্ট জ’ন হ’ব নগাওঁ জি.ডি. হাস্পতাল। নগাঁৱৰ জি.ডি. হাস্পতালৰ এগৰাকী চিকিৎসক আৰু নাৰ্ছৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে এই  কথা ঘোষণা কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে । নগাঁৱৰ জি.ডি. হাস্পতালত চিকিৎসাধীন অৱস্থাত মাত্ৰ কেইদিনমান পূৰ্বে চকলাঘাটৰ কংকন মুদৈ নামৰ এজন ৰোগীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছত সৃষ্টি হৈছিল আতংকৰ। জি.ডি. হাস্পতালৰ চিকিৎসক, চিকিৎসা কৰ্মীৰ স্বাৱ সংগ্ৰহ কৰি প্ৰেৰণ কৰিছিল ক’ভিড পৰীক্ষাৰ বাবে। এই  পৰীক্ষাত  চিকিৎসক কৰণ কুমাৰ দলে আৰু মৃদুস্মিতা দাস নামৰ এগৰাকী নাৰ্ছৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ । যাৰ বাবে ব্যক্তিগত চিকিৎসালয় জি.ডি. হাস্পতাল সম্পূৰ্ণৰূপে কোৱাৰেণ্টিন কৰাৰ কথা ঘোষণা কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে।