Local, Vocal, Global

বঙাইগাঁৱৰ জিলা উপায়ুক্তৰ চেনিটাইজেশ্বন

কভিড- ১৯ ত আক্ৰান্ত অভয়াপুৰীস্থিত অষ্টম অসম সশস্ত্ৰ আৰক্ষী বেটেলিয়নৰ এগৰাকী কমাণ্ডেন্ট । উল্লেখযোগ্য যে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক ভিডিও কনফাৰেন্সত অংশ লৈছিল  কমাণ্ডেন্ট গৰাকীয়ে । তাৰ পিছতে চেনিটাইজেশ্বৰ ব্যৱস্থা কৰে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত । শনিবাৰে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীৰ দেহত কভিড- ১৯ পজিটিভ পোৱা বুলি সদৰি কৰিছে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । দেওবাৰে আৱৰ্ত ভৱনৰ পৰা চলে উপায়ুক্ত কাৰ্যালয়ৰ কাম- কাজ । উল্লেখ্য যে জিলা উপাযুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই ভিডিও কনফাৰেন্সিঙত জিলাখনৰ আৰক্ষী বিষয়া সকল সামাজিক দূৰত্ব অক্ষুন্ন ৰাখি অংশ গ্ৰহণ কৰিছিল সেয়ে কনফাৰেন্সত উপস্থিত থকা সকলৰ শংকাৰ কাৰণ নাই বুলি জনালে মন্ত্ৰী গৰাকীয়ে ।