Local, Vocal, Global

নগাঁৱত ড্ৰাগ্ছ কিনিবলৈ আহি হাতে-লোটে ধৰা পৰিল আৰক্ষীৰ জোৱান

বেজৰ নাকতেই খৰ। যিটো সময়ত অসম আৰক্ষীয়ে ড্ৰাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সেই সময়তে নগাঁও চহৰত ড্ৰাগ্ছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে-লোটে ধৰা পৰিল এজন আৰক্ষীৰ জোৱান। নগাঁও ৰে’ল ষ্টেচনত গাঁওৰক্ষীবাহিনীয়ে কৰায়ত্ত কৰা অসম আৰক্ষীৰ জোৱানজনৰ নাম প্ৰিন্স বৰা। মৰিগাঁৱত কৰ্মৰত কনিষ্টবলজনে ইউনিফৰ্ম পৰিধান কৰি এজন যুৱকক লগত লৈ নগাঁও ৰে’ল ষ্টেচনত নিচাজাতীয় দ্ৰব্য কিনিবলৈ যোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । ইয়াকে লৈ নগাঁও ৰে’ল ষ্টেচনত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। গাঁওৰক্ষী বাহিনীৰ লোকে জোৱানজনক বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে। এগৰাকী অসম আৰক্ষীৰ কনিষ্টবলে এনেদৰে নিচাজাতীয় দ্ৰব্য কিনিবলৈ যোৱাক লৈ এতিয়া সমগ্ৰ নগাঁৱতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।