ড্ৰাগছেই কাল হ’ল এগৰাকী যুৱতীৰ
নগাঁও চহৰৰ ফৌজদাৰিপট্টিৰ নামঘৰ পথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মূমূৰ্ষু অৱস্থাত গাড়ীৰ পৰা পেলাই থৈ যায় ড্ৰাগছ আসক্ত দুই কিশোৰীক। বুধবাৰে সন্ধিয়া দুই কিশোৰীৰ এগৰাকীৰ মৃত্যু হয় নগাঁও অসামৰিক চিকিৎসালয়ত । আন এগৰাকীৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি এখন বগা ৰঙৰ ছুইফট বাহনৰ পৰা তিনিজন কিশোৰে মূমূৰ্ষু অৱস্থাত সন্ধিয়া পেলাই থৈ গৈছিল ফৌজদাৰিপট্টিৰ নামঘৰ পথৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীক । কিশোৰী গৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্ত্তি কৰাই যদিও চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ড্ৰাগছ আসক্ত কিশোৰী গৰাকীয়ে । অত্যধিক ড্ৰাগছ সেৱনৰ ফলতেই কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ইতিমধ্যে এই সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিছে দুজনকৈ কিশোৰক । উল্লেখ্য যে ঘটনাৰ সৈতে জড়িত আৰু এজন কিশোৰ সম্প্ৰতি পলাতক অৱস্থাত আছে । নিষিদ্ধ ড্ৰাগছ সেৱনৰ ফলতেই এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যু হোৱা ঘটনাকলৈ নগাঁৱত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।