Local, Vocal, Global

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰথমগৰাকী কয়দী আক্ৰান্ত কৰ’নাত

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰথমগৰাকী কয়দীৰ দেহত পোৱা গ’ল কভিড–১৯ পজিটিভ। এটা গোচৰত অভিযুক্ত হৈ তিনিদিন পূৰ্বে নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰন কৰা ইবচিতা আহমেদ নামৰ এগৰাকী ২৭ বছৰীয়া যুৱতী আক্ৰান্ত কৰ’নাত। কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পূৰ্বে ইবচিতাৰ নমুনা পৰীক্ষা কৰা হৈছিল। ইবচিতাৰ দেহত কোভিড–১৯ৰ উপস্থিতি পোৱাৰ পিছতে তেওঁক নগাঁও কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। নগাঁৱৰ ইটাপাৰা চিআৰপিএফ কেম্পৰ তিনিজন জোৱানো আক্ৰান্ত কৰ’নাত। চিআৰপিএফৰ জোৱান ডিজেন্দ্ৰ কুমাৰ ডুবে, অৰুণ কুমাৰ আৰু জিতেন্দ্ৰ কুমাৰ আক্ৰান্ত কৰ’নাত।ইতিমধ্যে তিনিওগৰাকীকে ন মাইলস্থিত চিআৰপিএফ কেম্পৰ চিআৰপিএফ হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ দেহত কোভিড–১৯ পজিটিভ পোৱাৰ লগে লগে ইবচিতাৰ সংস্পৰ্শলৈ অহা আন কেইবাগৰাকী কয়দী আৰু আৰক্ষীৰো নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই।ইপিনে স্বাস্থ্য বিভাগে এতিয়ালৈকে ভ্ৰমণ বৃত্তান্ত সম্পৰ্কত কোনো নিশ্চিত তথ্য লাভ কৰা নাই ইবচিতাৰ।