Local, Vocal, Global

ক’ভিডত মৃত্যু নাগালেণ্ডৰ মন্ত্ৰীৰ

কহিমা, ১৩ অক্টোবৰ : নাগালেণ্ডৰ জ্যেষ্ঠ মন্ত্ৰী চি এম চাঙৰ ক’ভিড আক্রান্ত হৈ কহিমাৰ এখন হস্পিটালত মৃত্যু হৈছে। ৭৭ বছৰীয়া চাং ৰাজ্যখনৰ বন – পৰিবেশ, আইন দপ্তৰৰ দায়িত্বত আছিল। মঙ্গলবাৰে পুৱা টোৱেনচাং জিলাৰ ত অৱস্থিত তেওঁৰ গাওঁ নকছেনত ৰাজ্যিক মৰ্যাদাৰে মন্ত্ৰীজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া চাং ২০০৯ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল। চাঙৰ প্ৰতি সন্মান জনাই নাগালেণ্ডত আজিৰে পৰা দুদিনীয়া ৰাজ্যিক চাওক পালন কৰা হৈছে।