Local, Vocal, Global

বিসম্বাদৰ সন্মুখীন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ…

বিপদৰ সন্মুখীন হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ। BJP শাসিত ৰাজ্যখনৰ ৮ জনকৈ শাসকীয় বিধায়কে বিপ্লব দেৱৰ অপসাৰণৰ দাবীত দিল্লীত বাহৰ পাতিছে। বিসম্বাদী দলটোক নেতৃত্ব দিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুধীৰ ৰয় বৰ্মনৰ পুত্ৰ সুদীপ ৰয় বৰ্মনে। ২০১৮ চনৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি BJP ত যোগ দি মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈছিল সূদীপ ৰয় বৰ্মণ। বিসম্বাদী দলটোৱে ইতিমধ্যে কেন্দ্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰূপে দেৱ ব্যর্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।