Local, Vocal, Global

টিআৰপি কেলেংকাৰীঃ এইবাৰ গ্ৰেপ্তাৰ ৰিপাব্লিক টিভি চিইঅ’

টিআৰপি কেলেংকাৰীৰ অভিযোগত ৰিপাব্লিক টিভিৰ চিইঅ’ বিকাশ কাঞ্চনদানিক গ্ৰেপ্তাৰ কৰিলে মুম্বাই পুলিচৰ ক্ৰাইম ব্ৰাঞ্চে । এই গোচৰত বৰ্তমানলৈকে ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।সম্প্ৰতি ৰিপাব্লিক টিভিৰ মালিক এ আৰ জি আউটলায়াৰ মিডিয়া প্ৰাইভেট লিমিটেড সংস্থাৰ কৰ্মীসকলৰ নিৰাপত্তাৰ বাবে আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত । কিন্তু শীৰ্ষ আদালতে আবেদন খাৰিজ কৰে । ইয়াৰ পাছতে আজি পুৱাই গ্ৰেপ্তাৰ কৰা হয় বিকাশক ।ইয়াৰ পূৰ্বে ৰিপাব্লিক টিভিৰ চিঅ’অ’ প্ৰিয়া মুখাৰ্জীকো টিআৰপি কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । সম্প্ৰতি টিআৰপি কেলেংকাৰীৰ তদন্তত ৰিপাব্লিকসহ তিনিটা টিভি চেনেলৰ বিৰুদ্ধে ৰেটিং-ৰিগিঙৰ অভিযোগ উত্থাপন কৰে মুম্বাই পুলিচে । ইয়াৰ পাছতেই তদন্ত আৰম্ভ কৰা হয় ।