Local, Vocal, Global

কংগ্ৰেছ ত্যাগ কমল কুমাৰ মেধিৰ

কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে কমল কুমাৰ মেধিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা কমল কুমাৰ মেধিয়ে ২০১৮ত কংগ্ৰেছত যোগদান কৰিছিল। ২০২১ত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট প্ৰত্যাশী আছিল কমল। কংগ্ৰেছ দলৰ মুখপাত্ৰ হিচাপে লক্ষণীয় ভূমিকা পালন কৰিছিল মেধিয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ‘বিভিন্ন ৰাজনৈতিক কাৰণত মই কংগ্ৰছ দলৰ প্ৰতি অধিক সেৱা আগবঢ়াই যাবলৈ অপাৰগ’ বুলি মন্তব্য মেধিৰ। প্ৰদেশ কংগ্ৰেছৰ আৰ টি আই কোষৰ অধ্যক্ষ হিচাপে দায়িত্বপ্ৰাপ্ত মেধিয়ে দলৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগৰ কথা জনাইছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা কালৰে পৰা নেতৃত্ব বহন কৰি পিছলৈ অখিল গগৈৰ সৈতে মতানৈক্যৰ বাবে সংগঠনটো ত্যাগ কৰিছিল কমল মেধিয়ে। এইবাৰ কৃষক মুক্তি তথা অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে আত্মপ্ৰকাশ কৰাৰ পিছত কমল কুমাৰ মেধিয়েও ৰাইজৰ দলত যোগদান কৰিবলৈকে কংগ্ৰেছ ত্যাগ কৰা বুলি ধাৰণা কৰিছে ৰাজনৈতিকভাৱে সচেতন মহলে।