Local, Vocal, Global

বুট তিয়াই খাওক আৰু চিৰযৌৱনা হৈ থাকক

অসমীয়া সমাজ জীৱনত সাধাৰণতে বুট বিভিন্ন আধ্যাত্মিক পূজা-পাৰ্বনত নৈবেদ্য হিচাপে ব্যৱহাৰ হৈ আহিছে। খাদ্য হিচাপেও অসমীয়া লোকসকলে পছন্দ কৰে বুটক। কিন্তু আপুনি জানেনে অসমীয়া সমাজ জীৱনত বহু প্ৰভাৱ থকা বুটৰ আছে বহু উপকাৰিতা গুণ। বহু ৰোগ প্ৰতিৰোধত বুট সহায়ক হৈ আহিছে। ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কেঁচা বুট খালে শৰীৰৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহে। এণ্টিবায়টিক গুণৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি পাচন শক্তি বঢ়ায় আৰু কৌষ্ঠ কাঠিন্যতাৰ সমস্যা দূৰ কৰে। বুট তিয়াই গঁজালি উলিয়াই খালে প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চি-এ তেজ পৰীক্ষা কৰে, তেজ বৃদ্ধি কৰে আৰু ছালৰ উজ্বলতা বঢ়ায়। বুট এবিধ শক্তিবৰ্ধক। অধিক মাত্ৰাত প্ৰ’টিন থকাৰ বাবে দুর্বল লোকসকলৰ বাবেও যথেষ্ট উপকাৰী কেঁচা বুট। কেঁচা বুটে অপকাৰী কলেষ্ট’ৰেল হ্ৰাস কৰি হৃদযন্ত্ৰক সুৰক্ষিত কৰাত সহায় কৰে। কেঁচা গঁজালি ওলোৱা বুটে মানসিক অস্থিৰতা, অৱসাদ দূৰতো সহায় কৰে। কেঁচা বুট তিঁয়াই থোৱা পানীত মৌ আৰু মিছৰি মিহলাই খালে গৰমৰ দিনত হোৱা প্ৰস্ৰাৱৰ সমস্যা উপশম হোৱাৰ লগতে শৰীৰৰ দুৰ্বলতাও দূৰ কৰে। কিন্তু ইউৰিক এচিড আৰু কিডনি সমস্যাৰ ক্ষেত্ৰত বুট অতি অপকাৰী।