Local, Vocal, Global

কিমান বৃদ্ধি পালে মাউণ্ট এভাৰেষ্টৰ উচ্চতা?

বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টে লাভ কৰিলে নতুন উচ্চতা। দুখন ৰাষ্ট্ৰৰ পৰা নতুন, একত্ৰিত চৰকাৰী উচ্চতা লাভ কৰিলে মাউণ্ট এভাৰেষ্টে। বছৰীয়া জৰীপৰ অন্তত চীন আৰু নেপালে মঙলবাৰে ৮,৮৪৮.৮৬ মিটাৰত শৃংগটোৰ নতুন মান ঘোষণা কৰিছে। নতুন মান ঘোষণাৰ পূৰ্বে মাউণ্ট এভাৰেষ্টৰ উচ্চতা চীনৰ মতে আছিল ২৯,০১৭ ফুট আৰু নেপালৰ মতে আছিল আৰু কিছু ওখ ২৯,০২৮ ফুট। নেপালে ২০১৫ৰ ভূমিকম্পৰ পিছত ৮,৮৪৮ মিটাৰ উচ্চতা প্ৰকৃত দৈৰ্ঘ্য নহ’ব পাৰে বুলি ধাৰণা কৰাৰ পিছত বিশ্বৰ আটাইতকৈ ওখ শৃংগটোৰ উচ্চতা নিৰূপণৰ কাম আৰম্ভ কৰিছিল। ২০১৯ চনত চীনা ৰাষ্ট্ৰপতি জি জিনপিঙে নেপাল ভ্ৰমণৰ সময়ত দুয়োটা জাতিয়ে বিশ্বৰ আটাইতকৈ ওখ শৃংগটোৰ উচ্চতা যুটীয়াভাৱে ঘোষণা কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছিল। নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গিয়াৱলী, ভূমি ব্যৱস্থাপনা মন্ত্ৰী পদ্ম কুমাৰী আৰ্জল, চীনা বিদেশ মন্ত্ৰী ৱাং য়ি আৰু অন্যান্য বিষয়াসকলে এক ভাৰ্ছুৱেল অনুষ্ঠানৰ সময়ত মঙলবাৰে বিয়লি এই কথা ঘোষণা কৰে।