অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰিলে নেকি দিল্লী আৰক্ষীয়ে?

বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আহ্বান জনোৱা ভাৰত বন্ধৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰাৰ অভিযোগ। আম আদমী পাৰ্টীৰ টুইটাৰ হেণ্ডলত মঙলবাৰে পুৱাতেই কেজৰিৱালক গৃহবন্দী কৰাৰ অভিযোগ তোলা হয়। আপৰ টুইট- ‘বিজেপিৰ অধীনস্থ দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰিছে। কাৰণ কালি সিংঘু সীমান্তত আন্দোলনকাৰী কৃষকসকলক সাক্ষাৎ কৰিবলৈ গৈছিল তেওঁ। এই মুহূর্তত তেওঁৰ বাসভৱনত কাৰো প্ৰৱেশৰ বা বাসভৱনৰ পৰা কাৰো ওলাই অহাৰ অনুমতি নাই।’
Important :
BJP's Delhi Police has put Hon'ble CM Shri @ArvindKejriwal under house arrest ever since he visited farmers at Singhu Border yesterday
No one has been permitted to leave or enter his residence#आज_भारत_बंद_है#BJPHouseArrestsKejriwal
— AAP (@AamAadmiParty) December 8, 2020
আপৰ এই অভিযোগৰ বিপৰীতে দিল্লী পুলিচৰ স্পষ্টীকৰণ কেজৰিৱালক গৃহবন্দী কৰা হোৱা নাই। উত্তৰ দিল্লীৰ ডিচিপিয়ে জনায় যে, ‘মুখ্যমন্ত্ৰীক গৃহবন্দী কৰা হোৱা নাই। কেৱল তেওঁৰ বাসভৱনৰ বাহিৰত আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে, যাতে আপৰ সৈতে আন কোনো দলৰ সংঘৰ্ষৰ সৃষ্টি নহয়।’
It is a general deployment to avoid any clash between AAP and any other party. CM has not been put under house arrest: Anto Alphonse, DCP North, Delhi https://t.co/pc4WJAxZek
— ANI (@ANI) December 8, 2020
কিন্তু আৰক্ষীৰ এনে দাবীক নস্যাৎ কৰি আপৰ প্ৰতি অভিযোগ দিল্লীৰ ৩জন মেয়ৰক কেজৰিৱালৰ বাসগৃহৰ সন্মুখলৈ নিজে লৈ আনিছে দিল্লী আৰক্ষীয়ে। তেওঁলোকৰ দ্বাৰা ইচ্ছাকৃতভাৱে বিক্ষোভৰ পৰিৱেশ ৰচনা কৰা হৈছে যাতে মুখ্যমন্ত্ৰীক গৃহবন্দী কৰাৰ সপক্ষে যুক্তি থিয় কৰাব পাৰি। পৰিস্থিতিৰ দোহাই দি মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে। এই বাতৰি যুগুত কৰা পৰ্যন্ত ঘৰৰ বাহিৰ ওলাব পৰা নাই মুখ্যমন্ত্ৰী কেজৰিৱাল।