Local, Vocal, Global

২০২১ বৰ্ষত ফাইভ-জি পৰিসেৱা আনিব ৰিলায়েঞ্চে

২০২১ বৰ্ষত ফাইভ-জি পৰিসেৱা আনিব ৰিলায়েঞ্চে।প্ৰায় বিনামূল্যে ফ’ৰ-জি পৰিসেৱা  ইন্টাৰনেট কাযৰ্ত বিপ্লৱ আনিছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিয়ে।ভাৰতত ফাইভ-জি নেটৱৰ্ক আৰম্ভ হব পাৰে Jio ৰ , লগতে মঙ্গলবাৰে মুকেশ অম্বানীয়ে জানিব দিয়ে এই তথ্য। কোনো অন্য সংস্থাৰ সৈতে সংযোজন নাই, ৰিলায়েঞ্চে নিজেই স্বতন্ত্ৰ ভাবে এই পৰিসেৱা আৰম্ভ কৰিছে বুলি জানিব দিয়ে ৰিলায়েঞ্চ কৰ্তৃপক্ষই। আনহাতে মঙ্গলবাৰে NOKIA ই ঘোষণা কৰে যে, NOKIA ত ফাইভজি পৰিসেৱাৰ যন্ত্ৰপাতি তৈয়াৰ কৰা হব অতি শীঘ্ৰেই।  কেইদিনমানপূৰ্বেই ভাৰতীয়-এয়াৰটেলৰ সুনীল মিত্তালে দাবী কৰিছিল যে, ভাৰতত ফাইভ-জি পৰিসেৱা আহিবৰ বাবে আৰু দুই-তিনি বছৰ লাগিব। কিন্তু সেই ধাৰণাক নসাৎ কৰি মঙ্গলবাৰে ইণ্ডিয়া মোবাইল কংগ্ৰেছে ঘোষণা কৰিলে অহা বছৰৰ মাজভাগৰ পৰা ভাৰতত ফাইভ-জি পৰিসেৱাৰ আৰম্ভ কৰা হ’ব।