Local, Vocal, Global

আমূলে বঢ়ালে, ৰৈ নাথাকিল মাডাৰ ডেইৰী…

দিল্লীঃ এফালে ক্ষুধা সূচকাংকত ভাৰতৰ স্থান অৱনমিত হৈছে, আনফালে অহৰহ বাঢ়িয়েই আছে বস্তু-বাহানিৰ দাম। ইয়াৰ মাজতে ক্ৰমাৎ মহাৰ্ঘ্য সদৃশ হৈ পৰিছে দুগ্ধজাত সামগ্ৰীসমূহ। গাখীৰ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে বিভিন্ন কাৰণৰ দোহাই দি বিগত সময়ছোৱাত হোৰাহোৰে গাখীৰৰ দাম বৃদ্ধি কৰিবলৈ তৎপৰ হৈ পৰিছে।

কিছুদিন পূৰ্বে গাখীৰৰ দাম বৃদ্ধি কৰিছিল দেশৰ আগশাৰীৰ দুগ্ধ উৎপাদনকাৰী কোম্পানী আমূলে। দাম বৃদ্ধিৰ এই প্ৰতিযোগিতাত পিছপৰি নাথাকিল মাডাৰ ডেইৰীও। দেওবাৰে মাডাৰ ডেইৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত বৃদ্ধি কৰিছে গাখীৰৰ দাম। নতুন নিৰিখ অনুযায়ী প্ৰতিলিটাৰ গাখীৰৰ দাম ২ টকাকৈ বৃদ্ধি কৰিছে কোম্পানীটোৱে।

নতুন নিৰিখ কাৰ্যকৰী হোৱাৰ লগে লগে প্ৰতি লিটাৰ ‘ফুল ক্ৰিম’ গাখীৰৰ দাম পূৰ্বৰ ৬১ টকাৰ পৰা বাঢ়ি হৈছেগৈ ৬৩ টকা। আনাহতে গৰুৰ গাখীৰৰ দাম ৫৩ টকাৰ পৰা বৃদ্ধি হৈ ৫৫ টকা হৈছে। উৎপাদন খৰছ বৃদ্ধি পোৱা বাবেই এনেদৰে দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিছে বুলি সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে।