LIVE আৰু মৃত্যু! মৰিম বুলি কৈয়েই মৰি গ’ল ৪জন… চাওক VDO…
লক্ষ্ণৌঃ তামাছা, স্ফূৰ্তি! এক্সেলেটৰত হেঁচা পৰিছে। ছেকেণ্ডে ছেকেণ্ডে বাঢ়ি গৈছে গাড়ীৰ গতি। গাড়ীখনো এলাপেছা গাড়ী নহয়, একেবাৰে বিএমডব্লিউ। পিছে দুৰ্ঘটনাৰ সমুখত বিএমডব্লিউ, অডি, মাৰ্চিদিজ সকলো একেই। মুহূৰ্ততে ভাঙি চুচূৰ্মৈ হৈ পৰে দামীতকৈয়ো দামী গাড়ী।
৪ বন্ধু উঠি যোৱা বিলাসী বিএমডব্লিউখনৰো একেই গতি হ’ল। দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বৰ লাইভ ভিডিঅ’ই যেন তাকেই কৈ গ’ল। ভিডিঅ’টোত এজনে চালকৰ আসনত থকাজনক উদ্দেশ্যি কোৱা শুনা গৈছে, ‘স্পীড, স্পীড, ৩০০লৈ দবাই দিয়া দোষ্টি!’ সেই কথা শুনি আন এজনে আকৌ কৈ উঠিছে, ‘মৰিলে আমি চাৰিওজনে একেলগে মৰিম।’
তাৰ পাছত মাত্ৰ কেইটামান মুহূৰ্তৰ ব্যৱধান! উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছত তেতিয়া ৪ বন্ধু উঠি থকা বিলাসী বিএমডব্লিউৰ গতিবেগ আছিল ঘণ্টাত ২৩০ কিলোমিটাৰ। চালকৰ আসনত থকাজনে ৩০০লৈ স্পীড বঢ়াবলৈ লওতেই বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত বিএমডব্লিউখনৰ চিন-মোকাম একেবাৰে নাইকিয়া হৈ পৰে।
এই শিহৰণকাৰী দুৰ্ঘটনাটোত কিছুসময় পূৰ্বে ফেচবুক ‘লাইভ’ত এজনে কোৱাৰ দৰে থিতাতে সিপুৰীলৈ গমন কৰে ৪ বন্ধুৱে। প্ৰাপ্ত খবৰ মতে যোৱা শুকুৰবাৰে সংঘটিত দুৰ্ঘটনাটোত নিহত হোৱা ৪ বন্ধুৰ ভিতৰত চালকৰ আসনত থকাগৰাকী আছিল পেছাত এগৰাকী চিকিৎসক। ফেচবুক লাইভৰ ভিডিঅ’ৰ পৰা আৰক্ষীয়ে তেওঁক ৩৫ বৰ্ষীয় ডাঃ আনন্দ প্ৰকাশ বুলি চিনাক্ত কৰিছে।
মৃত্যুৰ কথা কোৱাৰ কেইমুহূৰ্তমান পাছতেই মৃত্যুক সাবটি লোৱা এই ভিডিঅ’টো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ভিডিঅ’ ষ্ট্ৰীমিং কৰা থকাজনে গালি-গালাজ কৰি থকা শুনা গৈছে। লগতে চালকৰ আসনৰ কাষত বীয়েৰৰ কেন দেখা গৈছে যদিও তেওঁলোক সেই সময়ত সুৰাসক্ত আছিল নে নাই সেয়া জানিব পৰা হোৱা নাই।