মৰ্মান্তিক! তালিবানৰ শাস্তিৰ পৰা হাত সাৰিবলৈ মহিলাৰ আত্মহত্যা…
কাবুলঃ তালিবান শাসিত আফগানিস্তানত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দেশখনৰ ঘোৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুযায়ী তালিবানৰ বৰ্বৰ শাস্তিৰ পৰা বাচিবলৈ আত্মহত্যাৰ পথ বাচি লৈছে এগৰাকী বিবাহিত মহিলাই।
এই মহিলাগৰাকীয়ে তালিবানে বান্ধি দিয়া নিৰ্দেশ নামানি অকলে ঘৰৰ বাহিৰলৈ ওলাই গৈছিল। অকলে ঘৰৰ বাহিৰলৈ ওলোৱাৰ অপৰাধত মহিলাগৰাকীক শিল দলিয়াই শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল তালিবানে। শুকুৰবাৰে নামাজৰ সময়ত মহিলাগৰাকী গালৈ শিল দলিওৱাৰ পৰিকল্পনাও কৰিছিল।
তালিবানৰ এই বৰ্বৰ শাস্তিৰ সন্মুখীন হোৱাৰ পৰা হাত সাৰিবলৈ মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱাই নিজ বাসগৃহতে আত্মহত্যা কৰে। ইফালে, মহিলাগৰাকীক ঘৰৰ বাহিৰলৈ অকলে ওলাই যাবলৈ দিয়া বাবে তেওঁৰ স্বামীকো মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে তালিবান প্ৰশাসনে।
উল্লেখ্য যে, তালিবানে শাসনভাৰ লোৱাৰ পিছৰে পৰা সমগ্ৰ আফগানিস্তানত মহিলাসকলৰ ওপৰত পুনৰ জাপি দিয়া হৈছিল শ্বৰিয়া আইন। ফলত প্ৰতিদিনে এতিয়া দেশখনত সংঘটিত হৈ আহিছে একাধিক নাৰী নিৰ্যাতনৰ ঘটনা।